পাকৈঢোৰা123T V506N
| পাকৈঢোৰা | |
|---|---|
| ভাৰতৰ ভাৰতপুৰ পক্ষী অভয়াৰণ্যত এটা প্ৰাপ্ৰবয়স্ক পাকৈঢোৰা | |
| সংৰক্ষণ স্থিতি | |
সংকট আসন্ন (IUCN 3.1)[1] | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| জগৎ/ৰাজ্য: | Animalia |
| পৰ্ব: | Chordata |
| শ্ৰেণী: | Aves |
| বৰ্গ: | Ciconiiformes |
| পৰিয়াল: | Ciconiidae |
| গণ: | Mycteria |
| প্ৰজাতি: | M. leucocephala |
| বৈজ্ঞানিক নাম | |
| Mycteria leucocephala (Pennant, 1769) | |
| সমাৰ্থক | |
|
Tantalus leucocephalus | |
পাকৈঢোৰা (ইংৰাজী: Painted Stork; বৈজ্ঞানিক নাম: Mycteria leucocephala)[2] এবিধ পানী যুঁৱলিত দেখা পোৱা চৰাই। হিমালয়ৰ পাদদেশৰ দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত এই চৰাই দেখা পোৱা যায়। অসমতো চৰাই বিধ পোৱা যায়। তৰাং পানীত দল বান্ধি থাকে। আধাখোলা ঠোঁট পানীত ডুবাই ৰাখি ইফাল-সিফাল কৰি থাকে। মাছ পালেই ঠোঁটেৰে ধৰি লয়। পানীৰে অহাযোৱা কৰোঁতে ঠেঙেৰে খেদালি থাকে, আৰু লুকাই থকা মাছ ওপৰলৈ উঠি আহে। দল বান্ধি গছত বাঁহ সাজে। এইবিধ পৰিভ্ৰমী চৰাই নহয়। খাদ্যৰ সন্ধানতো বৰ বেছি দূৰলৈ নাযায়।
বৰ্ণনা[সম্পাদনা কৰক]
পাকৈঢোৰা ওখই প্ৰায় ১০০ চেণ্টিমিটাৰ মান হয়। উজ্জ্বল বগা বৰণৰ চৰাইবিধৰ ঠোঁটটৌ অকণমান বেঁকা আৰু হালধীয়া। মুখখনৰো ৰঙো গুলপীয়া, হালধীয়া থকা। ডেউকা দুখন বগা, কিন্তু মাজত সেউজীয়াৰ নিচিনা ক'লা জিলিকি থাকে। বুকুৰ মাজেৰে ক'লা ৰঙ আছে। মতা-মাইকী দুয়োবিধেই দেখাত একেই। ফিছাত উজ্জ্বল গুল’পীয়া ৰঙৰ পাখি থাকে। দেখাত ৰঙ লগাই থোৱাৰ নিচিনা লাগে বাবেই ইংৰাজীত ইয়াক painted stork বুলি কোৱা হয়।[2]
জুলাই-আগষ্ট মাহত ওখ গছৰ ফেৰেঙনিত ঘাঁহ-পাত আৰু গছৰ ঠাল গোটাই গোটোং কৰি বাহ সাজে। বাহত ৩-টাৰপৰা ৫-টালৈকে কণী পোৱা যায়। বাহ সজা আৰু উমনি দিয়া কামটো মতা-মাইকী উভয়ে মিলামিছাকৈ কৰে।[2]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ BirdLife International (2008). Mycteria leucocephala. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 2 February 2009.
- ↑ 2.0 2.1 2.2 শান্তা শৰ্মা, লুইতৰ পাৰৰ চৰাইৰ বিননি, সাপ্তাহান্তিক (আমাৰ অসম কাকতৰ শনিবৰীয়া পৰিপূৰিকা) ১২ মে, ২০১২