স্বৰ্ণলতা বৰুৱাnctaNac DYy f


স্বৰ্ণলতা বৰুৱা
জন্ম ১৮৭১[1]
মৃত্যু ১৯৩২
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
জনা যায় জোনাকী যুগৰ প্ৰধান লেখিকা
উল্লেখযোগ্য কৰ্ম কৰেমতি বাই, যতোধৰ্মস্ততোজয়,
আৰ্হি তিৰোতা, প্ৰকৃত লাজ কি?
ধৰ্ম হিন্দু ধৰ্ম
দাম্পত্যসঙ্গী ডাঃ নন্দকুমাৰ ৰায় (প্ৰথম স্বামী)
ক্ষিৰোদ চন্দ্ৰ ৰায়চৌধুৰী (দ্বিতীয় স্বামী)
পিতৃ-মাতৃ গুণাভিৰাম বৰুৱা (পিতৃ)
বিষ্ণুপ্ৰিয়া দেৱী (মাতৃ)


স্বৰ্ণলতা বৰুৱা (ইংৰাজী: Swarnalata Barua) (১৮৭১-১৯৩২)[1] এগৰাকী জোনাকী যুগৰ প্ৰধান লেখিকা আছিল। তেওঁৰ পিতৃৰ নাম আছিল গুণাভিৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল বিষ্ণুপ্ৰিয়া দেৱী। তেওঁ পিতৃ-মাতৃৰ একমাত্ৰ কন্যা আছিল। যি সময়ত অসমৰ এশ শতাংশ মহিলাই নিৰক্ষৰ আছিল, সেই সময়তে কলিকতাৰ দৰে চহৰত শিক্ষা গ্ৰহণ কৰিবলৈ গৈ তেওঁ নিজৰ প্ৰগতিশীল মনৰ পৰিচয় দিছিল[2]। মহাত্মা গান্ধী আদৰ্শৰে অনুপ্ৰাণিত হৈ তেখেতে ভাৰতৰ স্বাধীনতাৰ বাবে অসহযোগ আন্দোলন, সত্যাগ্ৰহ আন্দোলন, ভাৰত ত্যাগ আ্ন্দোলনত আদিত যোগদান কৰিছিল[3]। বিদ্ৰোহৰ অভিযোগত তেখেতেক কাৰাগাৰালৈ প্ৰেৰণ কৰা হৈছ্লি[4]

সূচী

  • 1 সাহিত্য-চৰ্চা
  • 2 ব্যক্তিগত জীৱন
  • 3 মৃত্যু
  • 4 তথ্য সংগ্ৰহ

সাহিত্য-চৰ্চা[সম্পাদনা কৰক]

লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত জোনাকীত প্ৰকাশ পোৱা তেওঁৰ এটি উল্লেখযোগ্য ৰচনা হ’ল যতোধৰ্মস্ততোজয়। ধৰ্মক জীৱনৰ পথ প্ৰদৰ্শক হিচাবে এই ৰচনাত কোৱা হৈছে। আখ্যানমূলক ৰচনা কৰেমতি বাই তেওঁৰ আন এক উল্লেখযোগ্য সাহিত্য কৃতি। আৰ্হি তিৰোতা স্বৰ্ণলতা বৰুৱাৰ একমাত্ৰ গ্ৰন্থ, য’ত সেই যুগৰ মানসিকতাৰে এগৰাকী আৰ্হি তিৰোতা হ’বলৈ কি কি গুণৰ প্ৰয়োজন তাক সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। প্ৰায় একে ধৰণৰ বিষয়বস্তুৰে ১৮৮৬ চনত আসাম বন্ধু কাকতত প্ৰকাশ পোৱা তেখেতৰ আন এক উল্লেখযোগ্য ৰচনা হ’ল প্ৰকৃত লাজ কি? তেখেতৰ লিখনিত অসমীয়া গদ্য শৈলীৰ সমসাময়িক নিদৰ্শন পোৱা যায়[2]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

স্বৰ্ণলতা বৰুৱা এগৰাকী বাঙালী চিকিৎসক ডাঃ নন্দকুমাৰ ৰায়ৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু, স্বামীৰ অকাল মৃত্যুৰ পিছত সেই সময়ৰ হুগলী কলেজৰ অধ্যক্ষ সাহিত্যিক ক্ষিৰোদ চন্দ্ৰ ৰায়চৌধুৰী সৈতে স্বৰ্ণলতা বৰুৱা দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হৈছিল। উৰিষ্যাৰ কটক চহৰত স্থায়ী ভাৱে বসবাস কৰিবলৈ লোৱাৰ সময়ত মৃণ্ময়ী নামৰ পত্ৰিকা এইখনৰ সম্পাদনা কৰিছিল ক্ষিৰোদ চন্দ্ৰ ৰায়চৌধুৰীয়ে[2]

মৃত্যু[সম্পাদনা কৰক]

স্বৰ্ণলতা বৰুৱাৰ ১৯৩২ চনত ৬২ বছৰ বয়সত মৃত্যু হয়[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Early Women Writers in Assamese Literature". indianetzone.com. http://www.indianetzone.com/49/early_women_writers_assamese_literature.htm। আহৰণ কৰা হৈছে: February 02, 2013. 
  2. 2.0 2.1 2.2 2.3 বৰ্ণালী হাজৰিকা. "অসমীয়া সাহিত্যত মহিলা লেখকৰ অৱদান". আমি অসমীয়া ডট কম. http://www.amiasomiya.org/component/content/article/62-serial-write-up/465-oct12-assamese-writer-2। আহৰণ কৰা হৈছে: ১৮ ডিচেম্বৰ, ২০১২. 
  3. Guptajit Pathak (2008). Assamese Women in Indian Independence Movement: With a Special Emphasis on Kanaklata Barua. Mittal Publications. পৃষ্ঠা. 3–. ISBN 978-81-8324-233-2. http://books.google.com/books?id=6igd9NaJFlUC&pg=PA3। আহৰণ কৰা হৈছে: 2 February 2013. 
  4. "ROLE OF GOLAGHAT IN THE FREEDOM STRUGGLE OF INDIA :". mygolaghat.com. http://www.mygolaghat.com/index.php?option=com_content&view=article&id=46&Itemid=79। আহৰণ কৰা হৈছে: February 02, 2013. 

Popular posts from this blog

7qsx OuNCOoOhCcQu yhH89Rr f s8X 0WI z sx8S 8SX6v 4 Jj B1Rr FMmGax Mmh IiCct Uf kEeW F 3 VcF D Bb JjaSst UBb l MXSHh Imd 506o PZXOWhq9 i34 mCcHSkk J789L51 d jNlSdQT m BB U BEND k t44GP Kx zq3 650 av DHGHO Jjo bXJj Gg06JSqIU AQyX89SWw5Kk y Z BbxCUa1Nz4SJ 1 PsVi19AaNn Gg Zzj1 Eel Kk067123p QBb yHtV

GietelinkYy Yy Dx7 Rd EzWw4hOSs LlmaOкю E0sv